ৰাজ্যৰ বিশিষ্ট সাংবাদিক-শিক্ষাবিদ আবু হানিফাৰ দেহাৱসান: জুৱাৰ শোক প্ৰকাশ

ৰাজ্যৰ বিশিষ্ট সাংবাদিক তথা নগাঁৱৰ আনন্দৰাম ঢ়েকিয়াল মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক-লেখক আবু হানিফাৰ বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে৷ মিডিয়া ট্ৰাস্ট অসমৰ সমন্বয়ৰক্ষী আৰু নগাঁৱৰ পৰা প্ৰকাশিত কলংপাৰ কাকতৰ মুখ্য সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যুত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনায়৷/*54745756836*/

Leave a Comment

Your email address will not be published. Required fields are marked *